NORTHEAST NOW (Assamese)
অসম

লোকসভা ২০২৪ : অসমৰ কোন সমষ্টিত কেতিয়া হ’ব ভোট গ্ৰহণ?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 16, 2024 4:53 pm
লোকসভা ২০২৪ : অসমৰ কোন সমষ্টিত কেতিয়া হ’ব ভোট গ্ৰহণ?

আজি বিয়লি ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ দিন। আয়োগৰ মতে ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগা এই ভোটগ্ৰহণ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব।  ১ জুন তাৰিখে এই ভোট গ্ৰহণৰ অন্তিমটো পৰ্যায় সামৰণি পৰিব। 

প্ৰথম পৰ্যায়তে আৰম্ভ অসমৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। 

১৯ এপ্ৰিলৰ অনুষ্ঠিত হ’বলগা প্ৰথমটো পৰ্যায়ত ভোটগ্ৰহণ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাটত অনুষ্ঠিত হ’ব। 

২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয়টো পৰ্যায়ত ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ভোট গ্ৰহণ কৰা হ’ব। 

তৃতীয়টো পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৭ মে’ তাৰিখে। ৭ মে’ত বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আৰু ধুবুৰীত ভোটগ্ৰহণ সম্পন্ন হ’ব। 

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ৪ জুন তাৰিখে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।