NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগত ৩০ জুনলৈ বাহাল থাকিব ল’কডাউনৰ নীতি-নিৰ্দেশনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 1:41 am
banerjee-1140x570

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত ল’কডাউনৰ নীতি-নিৰ্দেশনা ৩০ জুন পৰ্যন্ত বাহাল থাকিব বুলি সোমবাৰে ঘোষণা কৰে।

ইয়াৰ পূৰ্বে পশ্চিমবংগত ১৫ জুন পৰ্যন্ত ল’কডাউন বৃদ্ধি কৰা হৈছিল।

পশ্চিমবংগত শ্বপিং মল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ খোলাৰ দিনটোতে মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ল’কডাউনৰ নীতি-নিৰ্দেশনা ৩০ জুন পৰ্যন্ত বাহাল থাকিব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকল পশ্চিমবংগলৈ ঘুৰি অহাৰ পাছৰে পৰা ৰাজ্যখনত ক্ৰমাগতভাৱে ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে।

মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰে পশ্চিমবংগৰ ভালেসংখ্যক বিদ্যালয় আৰু পৰ্যটক চেণ্টাৰক অস্থায়ী কোভিড-১৯ হস্পাতাল হিচাপে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, পশ্চিমবংগ চৰকাৰে আই চি এম আৰক ৰাজ্যখনৰ পৰিস্থিতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ নিদিয়া বাবে বিজেপিৰ সভাপতি দিলীপ ঘোষে মমতা বেনাৰ্জীক কঠোৰ সমালোচনা কৰি পশ্চিমবংগৰ প্ৰকৃত কোভিড আক্ৰান্তৰ সংখ্যা লুকুওৱাৰ অভিযোগ উত্থাপন কৰিছে।