NORTHEAST NOW (Assamese)
অসম

আমি ক্ষমতালৈ আহিলে নীতিশ কুমাৰক জে’ললৈ পঠিয়াম, চিৰাগ পাচোৱানৰ হুংকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 8:19 am
a chirag

‘আমাক ক্ষমতালৈ আহিবলৈ দিয়ক, ক্ষমতালৈ আহিলেই আমি প্ৰথমে জে’ললৈ পঠিয়াম মুখ্যমন্ত্ৰী নীতিশ কুমাৰক’—এই মন্তব্য কৰিছে এলজেপি দলৰ নেতা চিৰাগ পাচোৱানে।

বিহাৰৰ এখন নিৰ্বাচনী জনসভাত ভাষণ দি পাচোৱানে কয় যে বিহাৰক মদ মুক্ত ৰাজ্য হিচাবে ঘোষণা কৰা হৈছে যদিও চোৰাং পথেৰে মদ ৰাজ্য খনলৈ আহিয়েই আছে।

মুখমন্ত্ৰী নীতিশ কুমাৰ আৰু একাংশ উচ্চপদস্থ বিষয়াই চোৰাংকৈ মদ সৰবৰাহ কৰাসকলৰ পৰা উপঢৌকনলৈ মদৰ প্ৰচলন কৰি আছে।

মদ বেপাৰীৰ পৰা উপঢৌকন লোৱাৰ অভিযোগতে নীতিশ কুমাৰ জে’ললৈ যাব লাগিব বুলি চিৰাগ পাচোৱানে কয়।

এখন শক্তিশালী বিহাৰ গঢ় দিয়াৰ বাবেই তেওঁ সকলোকে এলজেপিৰ লগতে বিজেপিকো ভোট দিয়াৰ আহ্বান জনায়।

ইপিনে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে আৰজেডিৰ নেতা তেজস্বী যাদৱেও।

বিহাৰক এইবাৰ যিকোনো প্ৰকাৰে নীতিশ মুক্ত কৰিবই লাগিব বুলি মন্তব্য কৰি তেজস্বী যাদৱে কয় যে ৰাজ্য শাসন কৰাৰ শক্তি এতিয়া আৰু নীতিশ কুমাৰৰ নাই।

শক্তিহীন নীতিশক সেয়ে বিহাৰৰ জনতাই উৎখাত কৰিবই লাগিব বুলি তেওঁ কয়।