NORTHEAST NOW (Assamese)
অসম

দেশত কোভিডৰ পৰা মুক্ত হোৱা ৰোগীৰ শতাংশ হাৰ ৯০ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 7:53 am
COVID19-image-credit-Odishatv-1140x570

ক’ৰ’ণা সংক্ৰমণৰ ছবি খন দেশত লাহে লাহে ভালৰ দিশলৈ আহিছে।

কোভিডত আক্ৰান্ত সকলৰ ভিতৰৰে ৯০ শতাংশই আৰোগ্য লাভ কৰা বুলি কেন্দ্ৰীয় স্বোস্থ্য দপ্তৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫০,১২৯ গৰাকী লোক। ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৫৭৮ গৰাকী।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৮ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৭৮,৬৪,৮১১গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৬,৬৮,১৫৪ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,১৮,৫৩৪ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৭০,৭৮,১২৩ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

দেশৰ ৬ খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ,অন্ধ্ৰপ্ৰদেশ,কৰ্ণাটক,তামিলনাডু, উত্তৰপ্ৰদেশ আৰু দিল্লীত ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা ৬১ শতাংশ হৈছে।

বাকী ৰাজ্য সমূহতো ক’ৰ’ণাৰ সংক্ৰমণৰ হাৰ কম হোৱা পৰিলক্ষিত হৈছে।

এনেদৰে থাকিলে অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে ক’ৰ’ণাৰ সংক্ৰমণ লক্ষ্যণীয় ভাবে কমি যাব বুলি গৱেষকৰ  তথ্যত প্ৰকাশ পাইছে।