NORTHEAST NOW (Assamese)
উত্তৰ-পূব

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনঃ ৪ জুনত ফলাফল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2024 5:37 pm
Lok Sabha election Assembly election in four states

আজি ঘোষণা কৰা হ’ল দেশৰ লোকসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে ১ জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ৪ জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

ইফালে আয়োগৰ ঘোষণা অনুসৰি লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত হ’ব চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচন।

উত্তৰ পূবৰ দুই ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ লগতে অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাত লোকসভা নিৰ্বাচনৰ লগতে বিধানসভাৰ নিৰ্বাচনৰো ভোটগ্ৰহণ হ’ব।

৬০খন বিধানসভা আসন থকা অৰুণাচল প্ৰদেশ আৰু ৩২খন বিধানসভা আসন থকা ছিকিমত ১৯ এপ্ৰিলত হ’ব ভোটগ্ৰহণ।

আনহাতে ১৩ মে’ত অন্ধ্ৰ প্ৰদেশৰ ১৭৫খন বিধানসভাৰ আসনৰ বাবে আৰু ১ জুনত উৰিষ্যাৰ ৪২খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

লক্ষণীয়ভাৱে সাধাৰণ নিৰ্বাচনৰ দৰেই এই চাৰি ৰাজ্যৰ ফলাফলো ৪ জুনত ঘোষণা কৰা হ’ব।