NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত পথ দুৰ্ঘটনাত বাইক আৰোহী নিহতঃ বাছ চালকক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2024 7:09 pm
accident

গোৱালপাৰা জিলাত আজি সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এখন বাছৰ খুন্দাত নিহত হৈছে এগৰাকী মটৰ চাইকেল আৰোহী।

নিহত লোকজনক কিৰিপ দাস বুলি চিনাক্ত কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি নিহত কিৰিপ দাস গোৱালপাৰাৰ ধূপধৰাৰ বাসিন্দা আছিল।

এই প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হয় গোৱালপাৰা জিলাৰ সাখাটিৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।

AS17C0939 ৰেজিষ্ট্ৰেচন নম্বৰৰ বাছখনে কিৰিপ দাসে চলাই যোৱা বাইকখনত খুন্দা মৰাৰ ফলত দাসে প্ৰাণ হেৰুৱায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাছ চালকজনে পলায়নৰ চেষ্টা চলায়।

অৱশ্যে বাছখন আৰক্ষীয়ে আটক কৰি চালক আৰু সহায়ক দুয়োকে জিম্মাত লৈছে।

দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।