NORTHEAST NOW (Assamese)
অসম

৪ ফেব্ৰুৱাৰীৰ পৰা মুছলপুৰত আগন্তুক বড়ো সাহিত্য সভাৰ অধিৱেশন

Posted by: এন ই নাও নিউজ ব্যুৰো, মুছলপুৰ : November 27, 2017 11:09 am

নিখিল বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক অধিৱেশনখনি অহা ২০১৮ চনৰ ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বাগসাত অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে মুছলপুৰত পূৰ্ণ গতিৰে সভাৰ প্ৰস্তুতিৰ কাম চলিছে৷ ১৯৬৫ চনৰ পিছত সুদীৰ্ঘ ৫২ বছৰৰ মূৰত মুছলপুৰত হ’বলগীয়া এই অধিৱেশনক লৈ জিলাখনৰ সাহিত্যপ্ৰেমী ৰাইজৰ মাজত উৎসাহ বৃদ্ধি পাইছে। আদৰণি সমিতিয়ে এক সংবাদমেল যোগে জনায় যে উক্ত অধিৱেশনত বড়ো সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে সূদূৰ বাংলাদেশৰ বড়ো মূলৰ ত্ৰিপুৰী জনগোষ্ঠী, ভূটানৰ বড়ো মূলৰ ভূটো জনগোষ্ঠী, নেপালৰ বড়োমূলীয় মেচে জনগোষ্ঠী, ইণ্ডোনেছিয়াৰ বড়োমূলীয় বালি জনগোষ্ঠী, ত্ৰিপুৰাৰ বড়ো জনগোষ্ঠী কোক-বৰক জনগোষ্ঠী, মেঘালয়ৰ বড়ো জনগোষ্ঠী, পশ্চিম বংগৰ বড়োমূলীয় মেচে জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা বড়ো জনগোষ্ঠীৰ লোকসকলে অংশ গ্ৰহণ কৰিব । অধিৱেশনৰ ৫ ফেব্ৰুৱাৰীৰ কাৰ্যসূচীত অসমৰ শিক্ষা, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। আনহাতে,  ৬ ফেব্ৰুৱাৰীৰ মুকলি সভা উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইতিমধ্যে অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আদৰণি সমিতিয়ে মুঠ ২৬ খন উপ সমিতি গঠন কৰিছে।