NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক; নাইট ছুপাৰৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ গ’ল তিনিজন যুৱকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2020 2:40 pm
মৰ্মান্তিক; নাইট ছুপাৰৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ গ’ল তিনিজন যুৱকৰ

ওদালগুৰি জিলাৰ ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এটা শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত তিনিজন লোকে মৃত্যুক সাৱটি লোৱাত অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰা পৰিলক্ষিত হৈছে।

নিশা প্ৰায় ১২.৩০ মান বজাত ভালুকমাৰীত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, যুৱক কেইজনে বাইকেৰে আহি থকা অৱস্থাত এখন ট্ৰাকক অতিক্ৰম কৰিবলৈ লওতে আন এখন নাইট ছুপাৰ বাছত খুন্দা মাৰে।

এই দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱক তিনিজনক ক্ৰমে ডেভিদ দৈমাৰী (২৯), প্ৰাণজিৎ লহকৰ (২২) আৰু মুনীন্দ্ৰ দৈমাৰী (২২) বুলি চিনাক্ত কৰা হৈছে।

বাইক চলাই থকা ডেভিদ দৈমাৰীৰ ঘটনাস্থলতে মৃত্যু হোৱাৰ বিপৰীতে প্ৰাণজিৎ লহকৰৰ জি এম চি এইচ আৰু মুনীন্দ্ৰ দৈমাৰীৰ তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।

তিনিওজন যুৱকে এখন পালচাৰ বাইকেৰে ৰৌতাৰ পৰা ওৰাঙলৈ আহি থকা সমময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

ইফালে বাইকখনৰ সৈতে দুৰ্ঘটনাত লিপ্ত হোৱা এছ ০১-ইচি-০৮১১ নম্বৰৰ নাইট ছুপাৰ বাছখন আৰক্ষীয়ে জব্দ কৰিছে।