NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সংকটমুক্ত; জনালে জিএমচিএইচৰ চিকিৎসকৰ দলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2020 1:25 pm
Tarun-Gogoi-positive-1200x900-1-750x375

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান ‘সংকটমুক্ত’। দুদিন পূৰ্বে এক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত ভৰ্তি কৰোৱাৰ পাছত মঙলবাৰে তেওঁৰ চিকিৎসা কৰি থকা চিকিৎসকৰ দলটোৱে এই কথা জানিব দিয়ে।

চিকিৎসকৰ দলটোৱে কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে আৰু তেওঁক বৰ্তমান নন ইনভেছিভ ভেন্টিলেটৰৰ পৰা বাহিৰলৈ অনা হৈছে।

‘’এতিয়া তেওঁ সংকটমুক্ত। অৱশ্যে, আমি তেওঁক পৰৱৰ্তী ২৪ঘন্টা নিৰীক্ষণত ৰাখিম। তেওঁ তেওঁৰ পুত্ৰৰ (সাংসদ গৌৰৱ গগৈ) সৈতে কথা পাতিছে,’’- জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই মঙলবাৰে পুৱা গুৱাহাটীত সাংবাদিকক এইদৰে কয়।

উল্লেখ্য যে দীৰ্ঘদিনৰ মূৰত যোৱা  ২৫ অক্টোৱৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

গগৈক পোনে পোনে দিছপুৰৰ চৰকাৰী বাসভৱনলৈ নিয়া হৈছিল।

তেওঁক ঘৰলৈ অনাৰ পিছতো  GMCH ৰ  চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছিল।

তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

কৰোনাৰ পৰা মুক্ত হোৱাৰ পাছতো তেওঁৰ দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

পূৰ্বৰ চিকিৎসকৰ দলটোৱেই বৰ্তমান চিকিৎসা কৰি আছে গগৈক।