NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ বাঘমাৰীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

Posted by: কাজি জেইদুল ইছলাম March 17, 2019 8:59 pm
deadbody

বিশ্বনাথৰ বাঘমাৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বাঘমাৰীৰ সঞ্জীৱ ৰায় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, নিহত সঞ্জীৱৰ মৃতদেহ নিজ ঘৰৰ ভিতৰৰে এটা কোঠাত উদ্ধাৰ হয়। ইফালে নিহত সঞ্জীৱ ৰায়ৰ মৃতদেহ পৰি থকা কোঠাটোৰ দুৱাৰত বাহিৰৰ পৰা এটা তলা লাগি থকাৰ উপৰি কোঠাটোৰ এখন খিৰিকীৰ কাঁচ ভাঙি থকা অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে উপস্থিত হয় জিনজিয়া আৰক্ষীৰ এটা দল। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত নিশ্চিত হ’ব পৰা নাই এয়া পৰিকল্পিত হত্যা নে আত্মহত্যা।

উল্লেখ্য যে আৰক্ষীৰ লগতে ঘটনাস্থলত দণ্ডাধীশ উপস্থিত হৈ এই সমগ্ৰ ঘটনাটোৰ বুজ লয়।