NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত হৈ কোকৰাঝাৰত এজন লোকৰ মৃত্যু

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী August 31, 2020 9:19 pm
Coronavirus_Death_PT

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ জিলাৰ এজন ব্যক্তিৰ আজি মৃত্যু হয়। জিলাখনৰ উপায়ুক্ত ভাস্কৰ ফুকনে এই কথা জনায়।

কোকৰাঝাৰৰ আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা লোকজন শান্তিনগৰৰ ২ নং ৱাৰ্ডৰ নিৱাসী নিখিল সাহা বুলি জানিব পৰা গৈছে।

উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দি কয় যে কোকৰাঝাৰৰ আজিৰ দিনটোত সৰ্বমুঠ ৭০ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

আজি নতুনকৈ আক্ৰান্ত হোৱা ৭০ গৰাকী ৰোগীক চিকিৎসাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত থকা ক’ভিড চেণ্টাৰলৈ নিয়া হৈছে।

ইয়াৰে অধিকাংশ লোককে বেছৰগাঁও নাৰ্চিং ক’ভিড-১৯ কেয়াৰ চেণ্টাৰ, আৰ এন বি আইছ’লেশ্যন চেণ্টাৰ আৰু চেৰফাংগুৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।

উপায়ুক্ত ফুকনে জনোৱা মতে, জিলাখনত এই পৰ্যন্ত ১৬২২ গৰাকী লোক মহামাৰী ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰ উপৰি জিলাখনত ৮ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকৰ ভিতৰত দুজন চিকিৎসক, এজন অভিযন্তা, এজন আৰক্ষী কৰ্মীও আছে।