NORTHEAST NOW (Assamese)
Popular Stories

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 10:01 pm

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত দেশজুৰি সাত দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰে এটা বিজ্ঞপ্তিৰ জৰিয়তে কয়, ‍‘স্বৰ্গগামী ব্যক্তিগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেশজুৰি ৩১ আগষ্টৰ পৰা ৬ ছেপ্তেম্বৰলৈকে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব’।

বিজ্ঞপ্তিটোত লগতে কোৱা হয়, ‍‘সাতদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সময়ত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত নিয়মিতভাৱে উৰি থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব’।

আনহাতে এই সময়ছোৱাত কোনোধৰণৰ বিনোদনমূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত লগতে কোৱা হৈছে।

ইফালে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শেষকৃত্য ক’ত, কেতিয়া আৰু কিমান সময়ত কৰা হ’ব সেই বিষয়ে পৰৱৰ্তী সময়ত জনাব বুলি চৰকাৰে জনায়।

উল্লেখ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে সোমবাৰে সন্ধিয়া ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

কিছু দিনৰ পৰা অসুস্থ হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দিল্লীৰ আৰ আৰ হাস্পতালত মৃত্যু হোৱা বুলি তেওঁৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে টুইটাৰযোগে জনায়।

প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুত দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ লগতে বিভিন্ন গণ্য মান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰে।