NORTHEAST NOW (Assamese)
অসম

হাতীৰো আছে হৃদয়: চকুলোৰে বিদায় জনালে মৰমৰ মৃত মাউতক, ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2021 7:42 pm
asd

অমাতৰ প্ৰাণীৰো হৃদয় থাকে, থাকে মানুহৰ দৰেই দুখ-সুখ অনুভৱ কৰিব পৰাৰ ক্ষমতা।এইক্ষেত্ৰত হাতী অধিক সংবেদনশীল।

হাতীয়ে মানুহৰ বহু আচৰণৰ কথা অতি ভালদৰে অনুভৱ কৰিব পাৰে। হাতীৰ সৈতে একাত্ম হৈ পৰে হাতীটোৰ মাউত। সেইবাবেই মাউতৰ সামান্য ইংগিততে হাতীয়ে উঠা-বহা কৰে। মাউতৰ সুখ-দুখে যেন হাতী এটাকো প্ৰভাৱান্বিত কৰে। তেনে এক দৃশ্যই দেখিবলৈ পোৱা গ’ল কেৰালাৰ পালা নামৰ অঞ্চলটোত।

পালাৰ বাসিন্দা দামোদৰণ নায়াৰ পেছাত এগৰাকী মাউত আছিল।বিগত প্ৰায় ২৫ বছৰ ধৰি নায়াৰে বৃহমাদাঁতন নামৰ হাতীটোৰ মাউত হিচাবে আছিল।

দিনটোৰ সৰহভাগ সময় দামোদৰণে বৃহমাদাঁতন নামৰ হাতীটোৰ পিঠিত উঠিয়েই পাৰ কৰিছিল। পালা অঞ্চলৰ অলিয়ে-গলিয়ে দামোদৰণ আৰু বৃহমাদাঁতন নামৰ হাতীটোৱে ঘূৰি ফুৰিছিল।

https://twitter.com/JKAmbika/status/1400489071663714313?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1400489071663714313%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Findia%2Fthis-video-of-elephant-bidding-farewell-to-dead-kerala-mahout-will-left-you-in-tears%2F

দামোদৰণে নিজতকৈও অধিক বেছি ভালপাইছিল হাতীটোক।কিন্তু হাতীটোৰ সৈতে দামোদৰণৰ এই বন্ধুত্ব আৰু বেছিদিন স্থায়ী হৈ নাথাকিল। কৰ্কট ৰোগত আক্ৰান্ত হৈ দামোদৰণে মৃত্যুক সাৱটি ল’লে।

মৃতদেহ সৎকাৰৰ পূৰ্বে হাতীটোক তাৰ প্ৰিয় মাউত দামোদৰণৰ মৃতদেহটো শেষবাৰৰ বাবে দেখুৱাবলৈ অনা হ’ল।কি আচৰিত, প্ৰিয় মাউতৰ মৃত্যুত শোকবিহ্বল হৈ পৰা হাতীটোৰ চকু পানীৰে তিতি গ’ল।

এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনৰ মাজতো শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।হাতীয়েও যে মৰমৰ কোনো লোকৰ মৃত্যুত কান্দিব পাৰে সেই দৃশ্য দেখি আচৰিত হৈ পৰিছে বহুজন।