NORTHEAST NOW (Assamese)
অসম

বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ: বানত বুৰ গ’ল কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2021 6:47 pm
KNP-750x375

ৰাজ্যত বিগত কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি আন নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। এনে সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপচি পৰা পানীয়ে কাজিৰঙাৰ বৃহৎ অঞ্চল বুৰাই পেলাইছে। ফলত সংকটত পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ বন্যপ্ৰাণীসমূহ।

বানৰ কৱলত পৰা অঞ্চল সমূহৰ পৰা বহু বন্য জন্তুৱে গৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয়গ্ৰহণ কৰিছে।

বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলো সাজু হৈ উঠিছে বাৰিষাৰ লগত মোকাবিলা কৰিবলৈ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত ৬ খনকৈ নতুন নাও বনোৱা সম্পূৰ্ণ হোৱাৰ লগতে বিছখনকৈ পুৰণি নাও মেৰামতি কৰা হৈছে।

আনহাতেদি বানৰ কবলত পৰা জীৱ-জন্তক সোনকালে উদ্ধাৰৰ ক্ষেত্ৰত নাও চলাচল কৰা বাট সমূহো পৰিস্কাৰ কৰি তুলিছে উদ্যান কৰ্তৃপক্ষই।

বিগত বৰ্ষসমূহৰ দৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা প্ৰদান কৰা বন বিভাগৰ লোক সকলেও বাৰিষাৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো দিশৰ পৰা সাজু হৈছে বুলিও জানিবলৈ পৰা গৈছে।