NORTHEAST NOW (Assamese)
Popular Stories

মাকৰ বিয়াৰ আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰিলে কন্যাই: ইণ্টাৰনেটত ভাইৰেল প্ৰেমৰ এক বিৰল কাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2026 2:49 pm

সমাজৰ নীতি-নিয়মৰ উৰ্ধত গৈ এগৰাকী মাতৃয়ে পুনৰ নিজৰ ছ’লমেটক বিচাৰি পোৱা আৰু বিয়াত বহা কাৰ্যক সমৰ্থন কৰি এগৰাকী কন্যাই এক বিৰল নিদৰ্শন দাঙি ধৰিছে। পূজা ভাটনগৰ নামৰ যুৱতীগৰাকীয়ে নিজৰ মাতৃৰ বিয়াৰ বিশেষ মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে ই এতিয়া সকলোৰে হৃদয় স্পৰ্শ কৰিছে। পিতৃ-মাতৃৰ প্ৰথম বিবাহ বৰ্ষপূৰ্তিৰ সুযোগ গ্ৰহণ কৰি পূজাই এই হৃদয়স্পৰ্শী ভিডিঅ’টো পোষ্ট কৰিছে য’ত তেওঁলোকৰ যুগ্ম জীৱনৰ আৰম্ভণিৰ ধুনীয়া মুহূৰ্তবোৰ আৱদ্ধ হৈ আছে।

ভিডিঅ’টোত পূজাৰ মাকক পৰম্পৰাগত ৰঙা সাজত অতি ধুনীয়া দেখা গৈছিল। ভিডিঅ’টোৰ ওপৰত লিখা আছিল যে আপুনি আপোনাৰ মাকক তেওঁৰ ছ’লমেটৰ সৈতে বিয়া হোৱা দেখিছে। এই দৃশ্যবোৰে কেৱল পূজাৰে নহয়, বৰঞ্চ ভিডিঅ’টো চোৱা প্ৰতিগৰাকী ব্যক্তিৰ চকু সেমেকাই তুলিছে। পূজাই উল্লেখ কৰিছে যে সেইদিনা তেওঁ বহুত কান্দিছিল, কিন্তু সেই চকুলো আছিল কেৱল আনন্দৰ। মাকৰ এই নতুন যাত্ৰাক লৈ তেওঁ নিজকে যথেষ্ট ভাগ্যৱান বুলি অনুভৱ কৰিছে আৰু কয় যে প্ৰকৃত প্ৰেমৰ সদায় জয় হয়।

পূজাই তেওঁৰ মাকৰ সংগ্ৰামৰ দিনবোৰৰ কথা সোঁৱৰণ কৰি কয় যে তেওঁৰ মাকে তেওঁক একক মাতৃ হিচাপে অতি সাহসেৰে ডাঙৰ-দীঘল কৰিছিল। ইমান দিনে মাকে কেৱল কন্যাৰ বাবেই চিন্তা কৰিছিল আৰু এতিয়া পূজাৰ পাল আছিল মাকৰ ব্যক্তিগত পছন্দ আৰু সুখক সমৰ্থন কৰাৰ। মাকৰ নতুন জীৱনটোক সমাজৰ কু-দৃষ্টিৰ পৰা বচাই ৰাখিবলৈ তেওঁ মৰমেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছে।

এই আৱেগিক ভিডিঅ’টোৱে ইণ্টাৰনেটত লাভ কৰিছে ব্যাপক সঁহাৰি। বহুতো লোকে কমেণ্ট কৰি জনাইছে যে বৰ্তমানৰ সময়ত চৰিওফালে থকা নেতিবাচক খবৰবোৰৰ মাজত এয়া আটাইতকৈ সুখৰ আৰু আশাবাদী খবৰ। এগৰাকী কন্যাই মাকৰ সুখক এনেদৰে আদৰি লোৱা কাৰ্যই প্ৰমাণ কৰিছে যে বয়স বা পৰিস্থিতি যিয়েই নহওক কিয়, সুখ আৰু প্ৰেম বিচাৰি উলিওৱাৰ অধিকাৰ সকলোৰে আছে।