বজালীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দুৰ্নীতিৰ বিৰুদ্ধে শিঙিমাৰী পঞ্চায়তত উত্তাল পৰিবেশ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন কেলেংকাৰিৰ ঢৌৱে উত্তাল কৰি ৰাখিছে বজালী।
সোমবাৰে ডুমুৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সম্পাদকক কাৰ্য্যালয়ৰ ভিতৰত স্থানীয় ৰাইজে আবদ্ধ কৰি আইন হাতত তুলি মৰেল পুলিচগিৰি দেখুৱাই অমানুষিক অত্যাচাৰ আৰু শাৰীৰিক নিৰ্যাতনৰ দৰে কাৰ্য সংঘটিত কৰিছিল।
সেই ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি বজালীৰে ১১২নং শিঙিমাৰী গাঁও পঞ্চায়তত একেই ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ।
প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়তে অন্য প্ৰভাৱশালী তথা দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ মানুহক গৃহ প্ৰদান কৰাৰ অভিযোগ তুলি প্ৰায় দুই শতাধিক পুৰুষ-মহিলা হিতাধিকাৰীয়ে পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
দুৰ্নীতিৰ কাৰণে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা ৰাইজে পঞ্চায়তখনত সোমবাৰেই তলা লগাই খণ্ড উন্নয়ন বিষয়াৰ উপস্থিতিৰ দাবী তোলে।
আজি পঞ্চায়তখনত হাউলী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ভাস্কৰ চক্ৰৱৰ্তী উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।
ইতিমধ্যে উত্তেজিত ৰাইজে সচিব ভবেশ নাথ আৰু অগপ দলৰ সভানেত্ৰী অঞ্জনা বর্মনক ঘেৰাও কৰি জবাবদিহি কৰিছিল।
ইয়াৰ পাছতে সৰুপেটা আৰক্ষী পঞ্চায়তখনত উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা খণ্ড উন্নয়ন বিষয়া, সচিব তথা সভানেত্ৰীক উদ্ধাৰ কৰে আৰু ক্ষোভিত ৰাইজক শান্ত কৰিবলৈ সক্ষম হয়।
আনহাতে, ডুমুৰীয়া গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হোৱা ঘটনাত হিতাধিকাৰীৰ হাতত প্ৰহৃত হোৱা পঞ্চায়ত সচিবে পাঠশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত দিগন্ত কলিতা নামৰ এজনক সোধপোচৰ বাবে আটক কৰিছে।
ইপিনে, দিগন্ত কলিতাক আৰক্ষীয়ে ৰখাই থোৱাক কেন্দ্র কৰি একাংশ মহিলাই আৰক্ষী চকীত ভিৰ কৰেহি।