NORTHEAST NOW (Assamese)
অসম

অসমত ২৬৮৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.২৪%

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 10:51 pm
Covid19: 1586 persons discharged in Assam on Tuesday

২৬৮৪গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.২৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৭,০৬৬টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৬১৮, কাছাৰৰ ১৭৪, ডিব্ৰুগড়ৰ ১৫৭ আৰু যোৰহাটৰ ১৪১গৰাকী ব্যক্তি।

ইপিনে আৰু নগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মৃতকৰ সংখ্যা ৩১৫লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৫,৯৪৮ (।)

বিপৰীতে অসমত সোমবাৰলৈকে ৮৫,৪৫৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত এতিয়ালৈকে ১,১১,৭২৪গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।