NORTHEAST NOW (Assamese)
অসম

তেলচুৰাৰ অভিনেতা জিতুল ৰাজবংশীৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 2, 2020 10:06 am

জনপ্ৰিয় য়ু টিউব চেনেল ভইচ অফ আছামৰ তেলচুৰাৰ পৰিচালক তথা অভিনেতা জিতুল ৰাজবংশী(২৬)ৰ মঙলবাৰে নিশা কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

জিতুল ৰাজবংশীয়ে তেলচুৰাত কৰা জিতেন মাষ্টৰ চৰিত্ৰৰ বাবে সকলোৰে মাজত পৰিচিত আছিল।

জিতুল ৰাজবংশীৰ মৃত্যুত তেওঁৰ জন্মস্থান তামুলপুৰৰ সৌৰাগুৰিত গভীৰ শোকৰ ছাঁ পৰিছে।

অনিয়মীয়া টেট শিক্ষক হিচাপে কৰ্মৰত জিতুল ৰাজবংশী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।

চলিত বৰ্ষত জিতুলৰ শৰীৰত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰাৰ পাছতে ক্ৰমাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে।

চেন্নাইত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি অহা জিতুলে পৰৱৰ্তী সময়ত গুৱাহাটীৰ বি বৰুৱা কৰ্কট হস্পিটেলত চিকিৎসাধীন হয় আৰু বি বৰুৱা কৰ্কট হস্পিটেলতে মঙলবাৰে নিশা প্ৰতিভাৱান যুৱক গৰাকীৰ অকালতে মৃত্যু হয়।

জিতুল ৰাজবংশীৰ অকাল মৃত্যুত তেলচুৰাৰ শিল্পী সকল শোঁকত ভাঙি পৰিছে।