NORTHEAST NOW (Assamese)
অসম

AASU-AJYCP ৰ হাতত পৰামৰ্শদাতাৰ ৪৫ পৃষ্ঠাৰ চুড়ান্ত প্ৰতিবেদন; কি আছে প্ৰতিবেদনত?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 2, 2020 4:58 pm

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ হাতত প্ৰতিবেদন দাখিল কৰিলে গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিয়ে।

ৰাজ্যৰ নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত এই দীঘল প্ৰতিবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে।

বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেন্টেলত প্ৰতিবেদনখন দাখিল কৰে কমিটিয়ে।

এই প্ৰতিবেদনৰ বাবে পৰামৰ্শদাতা কমিটিক ধন্যবাদ জ্ঞাপন কৰে দুয়োটা সংগঠনৰ নেতৃত্বই।

প্ৰতিবেদনখন লাভ কৰাৰ পাছত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ‘সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিলো সেইখিনিৰ ওপৰত পৰামৰ্শদাতা কমিটিয়ে ৰূপৰেখা তৈয়াৰ কৰি দিছে।

সকলোখিনি চালি-জাৰি চাই আমি দুয়োটা ছাত্ৰ সংগঠনে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম। শৈক্ষিক, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশ সামৰি পৰামৰ্শ আগবঢ়াইছে।

‘প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছতহে নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত স্থিতি স্পষ্ট কৰা হ’ব।অচিৰেই এই প্ৰতিবেদনখন ৰাজহুৱা কৰা হ’ব আৰু কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰা হ’ব।’ এইদৰে কয় লুৰিণজ্যোতি গগৈয়ে।

aasu

ইপিনে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সংবাদ মাধ্যমৰ আগত কয় ‘শৈক্ষিক আৰ্থ সামাজিক বিষয়সমূহ আগবাঢ়ি গ’লে ৰাজ্যখনৰ উন্নতি হ’ব।‘

উল্লেখযোগ্য যে, এই কমিটিৰ উপদেষ্টা হিচাপে আছিল বিশিষ্ট নিবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া আৰু বিশিষ্ট সাহিত্যিক ডঃ অৰূপ কুমাৰ দত্ত।

সমিতিৰ অন্যান্য সদস্যসকল ক্ৰমে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য, সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা, কামৰূপ জিলাৰ প্ৰাক্তন উপায়ুক্ত ধীৰেণ শইকীয়া, আলী হাইদৰ লস্কৰ, ৰূপা চাংমাই, আবু ছাহিদ ৰফিকউদ্দিন আহমেদ, পৃথ্বিৰাজ ৰাভা, সূৰ্য্য থাওছেন, হুছেইন আহমেদ লস্কৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰণৱজ্যোতি শইকীয়া, প্ৰদীপ কোঁচ আৰু সঞ্জয় কুমাৰ তাঁতী।