NORTHEAST NOW (Assamese)
অসম

টীয়কত পথ মেৰামতিৰ দাবীত ধৰ্ণা : বিধানসভাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ ৰাইজৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক September 2, 2020 8:46 pm
Screenshot_2020-09-02-15-50-16_1(1)

দল-সংগঠনৰ প্ৰতি বিশ্বাস কমিছে নেকি সাধাৰণৰ জনতাৰ ? তেনে এক প্ৰশ্নৰ অৱতাৰণা হৈছে আজু টীয়কত।

কোনো দল সংগঠনৰ নেতৃত্বত নহয়, যোৰহাট জিলাৰ টীয়কৰ এদল সচেতন মহিলাই পথ মেৰামতিৰ বাবে আজি প্ৰখৰ ৰ’দকো নেউচি টীয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

টীয়কৰ অন্যতম ব্যস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী মাজগাঁও-কাৱৈমাৰী, জাঁজীমুখকে ধৰি প্ৰায় ৩০ খন গাঁৱৰ একমাত্ৰ পথৰ দুৰৱস্থাই ৰাইজক এতিয়া জ্বলাকলা খুৱাই আহিছে। পথৰ মাজত পুখুৰী সদৃশ গাঁত।

উক্ত পথছোৱা পুনৰ নিৰ্মাণ বা মেৰামতিৰ বাবে বিভিন্ন সময়ত ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই।

সেয়ে আজি প্ৰায় অৰ্ধ শতাধিক মহিলাই হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথচোৱা মেৰামতি কৰি দিবলৈ দাবী জনাইছেl

অন্যথা ভোট বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে দাবী সম্বলিত এখন স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে।