NORTHEAST NOW (Assamese)
অসম

Video|| প্ৰধান মন্ত্ৰীৰ সভাৰ নামত ব্যক্তিগত স্কুল গেৰুৱাকৰণ কিয়?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 9, 2019 5:33 pm
Why saffronise private schools for the sake of PM Modi's official programme in Guwahati?

চাংসাৰিত শনিবাৰে অনুষ্ঠিত প্ৰধান মন্ত্ৰীৰ সভা– চৰকাৰী কাৰ্য্যসূচী। নৰেন্দ্ৰ মোদী আহিছে এইমছৰ “ভূমি পূজন” আৰু এখন দলঙৰ আধাৰশিলা স্থাপনৰ বাবে, এইটো চৰকাৰীভাৱে ঘোষিত।

চৰকাৰী কামত বাহন অধিগ্ৰহণ হ’ব পাৰে, সিও বিধিসন্মত কথা। কোনোবা ৰাজনৈতিক দলেও বাছ ভাৰালৈ ল’ব পাৰে।

কিন্তু স্বপ্ৰণোদিতভাৱে ৰাজহুৱা প্ৰতিশ্ৰুতিৰে প্ৰশাসন চলোৱাৰ সম্পূৰ্ণ দায়িত্ব লৈ নিৰ্বাচিত হোৱা চৰকাৰ এখনৰ কাৰ্য্যসূচীলৈ অধিগৃহীত স্কুল বাছ নিজ দলৰ গাড়ীৰ দৰে চৰকাৰৰ নেতৃত্ব দিয়া দলটোৱে ব্যৱহাৰ কৰাটো বিধিসন্মত নে?

গোটেই গুৱাহাটীতে শনিবাৰে দেখা গ’ল কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে ডি পি এছ, মদাৰ্ন ইংলিশ্ব স্কুলকে ধৰি মহানগৰীৰ বহুবিলাক ব্যক্তিগত বিদ্যালয়ৰ বাহন— য’ত উৰি আছিল বিজেপিৰ দলীয় পতাকা। আৰু বাছসমূহ ব্যৱহৃত হৈছিল প্ৰধান মন্ত্ৰীৰ সভালৈ মানুহ অনাত।

অঘোষিতভাৱে বিদ্যালয় ৰাজনীতিৰ পৰা দূৰত ৰখা বস্তু। চৰকাৰ আহে আৰু যায়, কিন্তু বিদ্যালয়সমূহ দেশৰ ভৱিষ্যতৰ নাগৰিকসকল গঢ়াৰ কমাৰশাল— অন্ততঃ এই কথাই ৰাজনৈতিক নেতৃত্বৰ মুখতো সঘনাই শুনা যায়।

ৰাজনীতিৰ ঊৰ্ধ্বৰ বুলি সকলোৱে মানি অহা বিদ্যালয়সমূহক এই কামৰ জৰিয়তে ৰাজনীতিৰ সৈতে সাঙোৰা নাই নে বিজেপিয়ে?

দেশৰ প্ৰধান মন্ত্ৰীৰ অনুষ্ঠানটো বিজেপিৰ দলীয় নে চৰকাৰী কাৰ্য্যসূচী আছিল? সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰশ্নটো অধিক গুৰুতৰ আৰু প্ৰাসংগিক নহয় নে?

এই কামে দল-চৰকাৰ-প্ৰশাসন একাকাৰ কৰা নাই নে?

প্ৰশাসনিক “স্বচ্ছতা” বিজেপি তথা মোদীৰ সৰ্বাধিক ঘোষিত নীতি নহয়নে? এই ধৰণৰ প্ৰৱণতাৰ প্ৰথম বলি “স্বচ্ছতা”ই হোৱা নাই নে?

প্ৰধান মন্ত্ৰীৰ সভাৰ নামত স্কুল গেৰুৱাকৰণ কিয় কৰিছে বিজেপিয়ে?