NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইটৰ টুইটাৰ একাউন্ট হেক : ৰাতি ৩ বজাত টুইট হেকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 9:23 am
index.jpgaaa

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপৰ টুইটাৰ একাউন্ট হেক কৰা হৈছে।

বৃহস্পতিবাৰে ৰাতি ৩ বজাত মোদীৰ একাউন্টটো হেক কৰা হৈছে আৰু ইয়াৰ পিছতে কেবাটাও টুইট কৰিছে হেকাৰে।

উক্ত টুইটকেইটাত ক্ৰিপ্টোকাৰেন্সিৰ মাধ্যমেৰে প্রধানমন্ত্রী ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ আৰ্থিক সাহায্য বিচাৰি আবেদন কৰা হৈছিল।

ইয়াৰ পিছতে টুইটাৰ কৰ্তৃপক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টটো হেক হোৱাৰ কথা স্বীকাৰ কৰিছে।

টুইটাৰ কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেক হোৱা টুইটাৰ একাউন্টটো সুৰক্ষিত কৰাৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাইছে।

“আমি এই ঘটনাৰ সম্পৰ্কে সচেতন। আৰু একাউন্টটো সুৰক্ষিত কৰি ৰখাৰ বাবে আমি পদক্ষেপ লৈছো। ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। এই মুহূৰ্তত অন্য একাউন্টসমূহত ইয়াৰ প্ৰভাৱ পৰিছে বুলি আমি জানিব পৰা নাই।” টুইটাৰে এক বিবৃতিত এইদৰে উল্লেখ কৰিছে।

অৱশ্যে এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ২০১১ চনতে ‘নৰেন্দ্ৰমোদী_ইন’ নামেৰে টুইটাৰ একাউন্ট খুলিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

টুইটাৰৰ এজন সক্ৰিয় ৰাজনীতিক হিচাপে নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টত ফ্ল’ৱাৰ্ছৰ সংখ্যা আছে প্ৰায় ২৫ লাখ।

“কোভিড১৯ৰ বাবে ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ সাহায্য আগবঢ়াবলৈ আমি আবেদন জনাইছো। ভাৰতত এতিয়া ক্ৰিপ্টোকাৰেন্সি আৰম্ভ হ’ল।” প্ৰধানমন্ত্ৰী একাউন্টটো হেক কৰি ৰাতি ৩ মান বজাত এইবুলি টুইট কৰা হৈছিল।