NORTHEAST NOW (Assamese)
অসম

অসমৰ হজযাত্ৰীৰ লগত এইবাৰ গৈছে মুম্বাইৰ প্ৰশিক্ষণপ্ৰাপ্ত ১৮জন বিশেষ ব্যক্তি

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 17, 2019 11:25 pm
17-07-19 Guwahati- Joint State Haj Committee Chairman press meet

এইবছৰ হজলৈ গৈছে অসমকে ধৰি উত্তৰ-পূবৰ তিনি সহস্ৰাধিক যাত্ৰী।

উত্তৰ-পূবৰ মুঠ ৩৫৯৪গৰাকী হজযাত্ৰীৰ ভিতৰত আছে ২৪৩২গৰাকী পুৰুষ আৰু ১১৬২গৰাকী মহিলা।

ইয়াৰ ভিতৰত কেৱল অসমৰ পৰাই গৈছে মুঠ ৩৫১৫গৰাকী হজযাত্ৰী।

বুধবাৰে এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে উত্তৰপূব যুটীয়া হজ কমিটিৰ অধ্যক্ষ হামিম কুটুম জাভেদ আহমেদে।

তেওঁ লগতে জনাই যে হজযাত্ৰীৰ সহায় হোৱাকৈ এইবাৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত মুম্বাইৰ ১৮গৰাকী তত্বাৱধায়ককো প্ৰেৰণ কৰা হৈছে।

“অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ সক্ৰিয় সহায়-সহযোগিতাৰ বাবে কোনো অসুবিধা নোহোৱাকৈ (লোকসকলক) সুকলমে হজৰ বাবে মক্কালৈ প্ৰেৰণ কৰিব পৰা হৈছে,” সংবাদমেলত হামিম কুটুম জাভেদ আহমেদে জনায়।

তেওঁ জনোৱা মতে অহাবাৰৰ পৰা গুৱাহাটীৰ জালুকবাৰীৰ পৰাই যাত্ৰীসকল পোনে পোনে হজযাত্ৰালৈ যাব পাৰিব।

“হজযাত্ৰীসকলৰ বাবে চৰকাৰীভাৱে জালুকবাৰীত এটা হজ ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে,” তেওঁ জনায়।

গুৱাহাটী বিমান বন্দৰত হজযাত্ৰীৰ সুবিধা হোৱাকৈ আলতাফ হুছেইনসভাপতিত্বত গঠিত অভ্যৰ্থনা সমিতিখনে হাজীসকলক আগবঢ়োৱা সেৱাৰো তেওঁ শলাগ লয়।