NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না মহামাৰীৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ মৃৎশিল্পৰ ব্যৱসায়ী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 2, 2020 12:03 pm

ক’ৰ’না মহামাৰীৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ মৃৎশিল্পৰ ব্যৱসায়ীসকল।

এতিয়া অসমীয়া সমাজ জীৱনৰ পবিত্ৰ ভাদ মাহ। এই ভাদ মাহতে ৰাজ্যৰ বিভিন্ন মথ মন্দিৰত চাকি জ্বলাই ভগৱানৰ ওচৰত সেৱা আগবঢ়ায়।

যোৰহাট জিলাৰ টীয়কতো তাৰ ব্যতিক্ৰম নহয়, বিশেষকৈ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰ, কলীয়াপানীস্থিত আউনীআটী সত্ৰ, চটাইস্থিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ প্ৰতিদিনেই সহস্ৰাধিক ভক্তৰ আগমন হয়।

এই ভক্ত সকলে নিজৰ মনোকামনা পুৰণৰ বাবে এগছি বন্তি জ্বলাই নেদেখা জনৰ চৰণত আশীষ বিচাৰে।

কিন্তু এইবাৰ ক’ৰণা মহামাৰী বাবে সত্ৰ, নামঘৰ সমূহত বন্তি প্ৰজ্বলনত বাধা আৰোপ কৰা হৈছে।

ইয়াৰ পোনপটীয়াকৈ প্ৰভাৱ পৰিছে মৃৎশিল্পৰ সৈতে জড়িত পৰিয়াল সমূহৰ ওপৰত।যাৰ ফলত এতিয়া পেটে ভাতে খাই থকা এই পৰিয়াল সমূহৰ জীৱনলৈ নামি আহিছে অমানিশা।

সেয়ে এই ক্ষেত্ৰত চৰকাৰৰ কিছু সাহাৰ্য আশা কৰিছে মৃৎশিল্পৰ ব্যৱসায়ীসকলে।