NORTHEAST NOW (Assamese)
অসম

অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ এখনত প্ৰাৰ্থী হ’ব ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2022 9:17 am
ৰণগৌৰা নাৰ্জাৰী

অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত এখন আসনৰ বাবে বিজেপি মিত্ৰজোঁট ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক বিজেপি আৰু আন এটা মিত্ৰজোঁটৰ দল অগপইয়ো সমৰ্থন আগবঢ়াব।

 ইতিমধ্যে অসমৰ ৰাজ্যসভাৰ আসন দুখনৰ বাবে বিজেপি আৰু কংগ্ৰেছে এগৰাকীকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

লগতে পঢ়ক: অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে এগৰাকীকৈ প্ৰাৰ্থী ঘোষণা বিজেপি আৰু কংগ্ৰেছৰ

ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

সেইদৰে কংগ্ৰেছে বৰ্তমান কাৰ্যকাল অন্ত পৰিবলগীয়া ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

FOLiEccagAAMElU

অহা ৩১ মাৰ্চত অসমৰ ২ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।