NORTHEAST NOW (Assamese)
অসম

মানাহ নদীৰ বাঢ়নি পানীৰ তলত বঙাইগাঁৱৰ কেইবাখনো গাঁও; নিদ্ৰা হৰিছে কৃষকৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী July 11, 2019 9:29 am
Flood

যোৱা কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ পানী অভাৱনীয় হাৰত বৃদ্ধি পোৱাত নাম্বাৰপাৰা ৩য় খণ্ড, ১ম খণ্ড চৰ, বাংলাপাৰা, মাত্ৰাঘোলা, বৰইচালা আদি কৰি কিছু কিছু ঠাইত বানে বিভিষিকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি তথা নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তৰ অন্তৰ্গত অতিকৈ কৃষি প্ৰধান অঞ্চল নাম্বাৰপাৰা ৩য় খণ্ড বাংলাপাৰা, শৌলমাৰী, নোৱাগাঁও, ঝাউবাৰী আদি অঞ্চলত শ শ বিঘা শালি ধান খেতি, মৰাপাট খেতি-পথাৰ বুৰাই পেলোৱাত এতিয়া হাহকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কৃষকৰ মাজত।

ইফালে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে গো-পালনৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছিল যদিও এই বানপানীৰ বাবে গৰু, ছাগলীৰ লগতে পোহনীয়া জীৱ-জন্তু সমুহ পোহপাল দিয়াত চৰম অসুবিধাৰ সন্মুখীন হৈছে।

আনহাতে অঞ্চলটোৰ বহু পুখুৰী বানপানীৰ কৱলত পৰা বাবে মাছ সমূহ ওলাই যোৱাত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মীনপালক সকল।