NORTHEAST NOW (Assamese)
অসম

সমস্যা ১০ বছৰ আগৰ পৰা চলি আছে; নৱাজউদ্দিন ছিদ্দিকিলৈ বিবাহ বিচ্ছেদ বিচাৰি পত্নীৰ জাননী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2020 9:39 pm

বলিউদৰ জনপ্ৰিয় স্বভাৱজাত অভিনেতা নৱাজউদ্দিন ছিদ্দিকিৰ পত্নী অলিয়া ছিদ্দিকিয়ে অভিনেতা স্বামীৰ পৰা বিবাহ বিচ্ছেদ আৰু খৰছ বিচাৰি জাননী প্ৰেৰণ কৰিছে।

নৱাজউদ্দিনৰ পত্নীৰ উকীলে বিবাহ বিচ্ছেদ বিচৰাৰ কথা নিশ্চিত কৰে।

‘‘বিবাহৰ এবছৰ পাছৰে পৰা অৰ্থাৎ ২০১০ চনৰে পৰা নৱাজ আৰু মোৰ মাজত সমস্যা চলি আছিল,’’ নৱাজউদ্দিনৰ পত্নী আলিয়াই কয়।

আলিয়াই লগতে তেওঁলোকৰ সম্পৰ্ক বৰ্তমান একেলগে থাকিব পৰা অৱস্থাত নাই বুলি উল্লেখ কৰি পৰিবেশ অধিক গম্ভীৰ বুলিও কয়।

উল্লেখযোগ্য যে, নৱাজউদ্দিন আৰু আলিয়াই ২০০৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুয়োৰো বিবাহৰ চিন স্বৰূপে দুটা সন্তানৰ পিতৃ-মাতৃ হৈছিল।

আলিয়াৰ উকীলে ৭ মে’ৰ দিনাখনে মেইল আৰু হোৱাটছএপ যোগে নৱাজউদ্দিনলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

২০১৭ চনৰে পৰা নৱাজউদ্দিন আৰু আলিয়াৰ সম্পৰ্কৰ অধিক অৱনতি ঘটাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পাইছিল।