NORTHEAST NOW (Assamese)
অসম

কোৱাৰেণ্টাইন সম্পূৰ্ণ, মঙলবাৰৰ পৰা ইটালীত অনুশীলন আৰম্ভ কৰিব ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2020 10:01 pm

পৰ্টুগালৰ অধিনায়ক তথা জুভেণ্টাছৰ তাৰকা ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে মঙলবাৰৰ পৰা খেলপথাৰত অনুশীলন আৰম্ভ কৰিব।

ইটালীলৈ উভতি আহি বাধ্যতামূলক কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱাৰ পাছতে ৰোণাল্ডোৱে খেলপথাৰলৈ অনুশীলনৰ বাবে উভতি আহিব।

ইতিমধ্যে ৰোণাল্ডোনে কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে।

তাৰকা ফুটবলাৰ গৰাকীয়ে ৪ মে’ত ইটালীলৈ উভতি আহিছিল আৰু তেতিয়াৰে পৰা কোৱাৰেণ্টাইনত আছিল।

উল্লেখযোগ্য যে, ইটালী চৰকাৰে চলিত সপ্তাহৰ পৰা চিৰি-এ ক্লাৱৰ প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰিছে।

ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে জুভেণ্টাছৰ এগৰাকী ফুটবলাৰ ক’ৰ’নাত আক্ৰান্ত হোৱা বাবে ইয়াৰ পূৰ্বেও কোৱাৰেণ্টাইনত আছিল।

ইটালীত এই পৰ্যন্ত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৩১,০০০ লোকৰ মৃত্যু হৈছে।

ক্ৰিষ্টায়ানো ৰোণাল্ডোৰ উপৰি আন এগৰাকী বিশ্ব শ্ৰেষ্ঠ ফুটবলাৰ লিয়োনেল মেছিয়ো অনুশীলন আৰম্ভ কৰিছে।

চলিত মাহৰ আৰম্ভণিৰে পৰা স্পেনিছ ক্লাৱ বাৰ্চিলোনাৰ হৈ মেছিয়ে অনুশীলন আৰম্ভ কৰিছে।