NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে ‘বিদ্ৰোহী’ নেতা গোলাম নৱী আজাদে; দিলে কিছু পৰামৰ্শ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2022 10:29 am
931799-ghulam-nabi-azad-new

সদ্যসমাপ্ত পাঁচখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনী ব্যৰ্থতাৰ পিছতে পদত্যাগ কৰাৰ কথা ব্যক্ত কৰিছিল সভানেত্ৰী ছোনিয়া গান্ধীয়ে। সেইদৰে পৃথকে বৈঠকত মিলিত হৈছিল ক্ষুব্ধ জি-২৩ৰ নেতৃত্ব।

তাৰ মাজতে শুকুৰবাৰে এই বিদ্ৰোহী শিৱিৰৰ নেতা গোলাম নৱী আজাদে ছোনিয়া গান্ধীক সাক্ষাৎ কৰে।

সভানেত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পিছত আজাদে জানিবলৈ দিয়ে যে, ‘’ছোনিয়া গান্ধীৰ সৈতে অত্যন্ত ভাল বৈঠক হৈছে। কংগ্ৰেছৰ সকলো সদস্যই তেওঁকেই সভানেত্ৰীৰ দায়িত্ব চলাই নিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমি মাত্ৰ কিছু পৰামৰ্শ দিবলৈ আহিছিলো।‘’

লগতে পঢ়ক: মৰ্মান্তিক! হোলীৰ আনন্দৰ মাজতে কামৰূপৰ কমলপুৰত পানীত ডুবি দুজন যুৱকৰ মৃত্যু

আজাদে লগতে কয়,’’ পাঁচখন ৰাজ্যৰ নিৰ্বাচনত বিপৰ্যয়ক লৈ কংগ্ৰেছৰ কাৰ্যকৰী কমিটিয়ে কিছু পৰামৰ্শ বিচাৰিছিল। আগন্তুক বিধানসভাৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। ইয়াক লৈয়েই আলোচনা হৈছে। অৱশ্যে নেতৃত্বকলৈ কোনো প্ৰশ্ন উঠা নাই।‘’

উল্লেখ্য যে পাঁচখন ৰাজ্যৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত কংগ্ৰেছ নেতৃত্বৰ মাজত আৰম্ভ হোৱা মতানৈক্যই সকলোৰে দৃষ্টি কাঢ়িছিল। তাৰ মাজতে জি-২৩ৰ নেতৃত্বও বৈঠকত বহিছিল আৰু দলৰ কেইজনমান শীৰ্ষ নেতাৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছিল। তেওঁলোকে দলৰ আভ্যন্তৰীণ আমূল পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছিল।

এনে চৰ্চাৰ মাজতে শুকুৰবাৰে গোলাম নৱী আজাদে ছোনিয়া গান্ধীক সাক্ষাৎ কৰে।