NORTHEAST NOW (Assamese)
অসম

চৰকাৰে দেশৰ সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়ন কৰিব: অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2019 4:00 am
We will provide Hindi training classes for people of NE, Says Amit Shah

ভাৰত চৰকাৰে দেশৰ যিকোনো প্ৰান্ততে থকা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বিধি অনুযায়ী তেওঁলোকক বিতাড়ন কৰিব।

উচ্চ সদনত বুধবাৰে এই মন্তব্য কৰিছে ভাৰতৰ গৃ্হ মন্ত্ৰী অমিত শ্বাহে।

আমি দেশৰ প্ৰতিটো কোণৰে অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিম আৰু বিতাড়ন কৰিম…,” শ্বাহে কয়।

অসমত চলিত এন আৰ চি প্ৰক্ৰিয়া দেশৰ আন ৰাজ্যতো ৰূপায়ণ কৰা হ’ব নেকি জানিব খোজা সমাজবাদী পাৰ্টি সাংসদ জাভেদ আলি খানৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্বাহে এই মন্তব্য কৰিছে।

এই সন্দৰ্ভত অসমত চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো তেওঁ মন্তব্য কৰে।

এন আৰ চি অসম চুক্তিৰ অংশ আৰু ই বিজেপিৰ ঘোষণাপত্ৰতো আছিল যাৰ আধাৰত ই ক্ষমতালৈ আহিছে,তেওঁ কয়।

আনহাতে, গৃ্হৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এন আৰ চিৰ প্ৰকাশকাল পিছুৱাবলৈ চৰকাৰে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ কথা উল্লেখ কৰে।

যিহেতু বহু প্ৰকৃত নাগৰিকৰ নাম বাদ পৰিছে আৰু বহু বাদ পৰিব লগা নামো অন্তৰ্ভুক্ত হৈছে, সেয়ে এই ক্ষেত্ৰত সময়সীমা বঢ়াই দিয়াৰ বাবে আমি আদালতত আবেদন জনাইছো,ৰায়ে কয়।

তেওঁ লগতে জনাই যে এন আৰ চিত হোৱা ত্ৰুটী দূৰ কৰাৰ দাবীৰে দাখিল কৰা প্ৰায় ২৫ লাখ আবেদন কেন্দ্ৰ আৰু ৰাষ্ট্ৰপতিৰ ওচৰত আছে।