NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ স্থিতিত চিন্তিত চীন! ৰাজনাথ সিঙৰ সৈতে বৈঠকত বহিবলৈ আগ্ৰহী চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 7:50 am
WhatsApp Image 2020-09-04 at 7.25.30 AM

লাডাখত ভাৰত-চীনৰ মাজত উত্তেজনা চৰম অৱস্থাত উপনীত হোৱাৰ উপক্ৰম হৈছে। দক্ষিণত ভাৰতে চীনৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাৰ পাছত লাডাখক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে দুইখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনাৰ ইংগিত পোৱা গৈছে।

বৰ্তমান ৰাছিয়াত অনুষ্ঠিত হোৱা ছাংঘাই ক’পাৰেশ্যন অৰ্গেনাইজেশ্যন (এছ চি অ’)ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত উপস্থিতি আছে ৰাজনাথ সিং।

তাতেই ৰাজনাথ সিঙক সাক্ষাৎ কৰিব বিচাৰিছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

কিন্তু পূৰ্বে তেওঁলোকৰ মাজত সাক্ষাতৰ কোনো কথা হোৱা নাছিল।

সূত্ৰসমূহৰ মতে, লাডাখৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰম্ভ হোৱাৰ পাছত সেই বিষয়ে তৃতীয়বাৰৰ বাবে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আলোচনাৰ প্ৰস্তাৱ দিছে।

অৱশ্যে, ভাৰতৰ ফালৰ পৰা এই প্ৰস্তাৱৰ সন্দৰ্ভত এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই।

ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে চীন আৰু পাকিস্তানৰ পৰা সংগঠিত আক্ৰমণৰ কথা কোৱাৰ পাছতেই এই আলোচনাৰ প্ৰস্তাৱ আহিছে।

ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাছিয়াত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত পাকিস্তানক সামৰিক অস্ত্ৰ যোগান নধৰাৰ প্ৰতিশ্ৰুতি দিছে ৰাছিয়াই।

ভাৰতৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে পুটিন চৰকাৰে।

আনহাতে, অহা সপ্তাহত ৰাছিয়া ভ্ৰমণলৈ যাবলগীয়া বিদেশ মন্ত্ৰী জয়শংকৰে কয় যে ভাৰত আৰু চীনে যিকোনো ধৰণে এটা বুজাবুজি কৰিব লাগিব আৰু সেয়া কূটনৈতিক মাধ্যমেৰে সম্ভৱ হ’ব।