NORTHEAST NOW (Assamese)
Popular Stories

নিশা ঘৰলৈ আনি উলংগ কৰি বৃদ্ধ ব্যক্তিক অত্যাচাৰ; গ্ৰেপ্তাৰ জনপ্ৰিয় ধাৰাবাহিকৰ অভিনেত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2023 6:36 pm

শেহতীয়াকৈ এজন ৭৫ বছৰীয়া ব্যক্তিয়ে মালয়ালম চিনেমা উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিথ্যা ছাছিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। 

নিথ্যা আৰু তেওঁৰ বন্ধু বিনু কল্যাণে তেওঁৰ নগ্ন ফটোৰে তেওঁক ব্লেকমেইলিং কৰাৰ লগতে তেওঁৰ পৰা বিপুল ধন আদায় কৰা বুলি দাবী অভিযোগ উত্থাপন কৰিছে ব্যক্তিগৰাকীয়ে। 

জানিব পৰা মতে অভিযোগকাৰী ব্যক্তিগৰাকী ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সদস্য। 

উল্লেখ্য যে, নিথ্যা ছাছিৰ ঘৰ কেৰালাৰ পাঠান মঠিয়াটাত আৰু তেওঁৰ বন্ধু বিনু কল্যাণ পৰৱুৰৰ বাসিন্দা। 

অভিনেত্ৰীগৰাকীয়ে বৃদ্ধ ব্যক্তিগৰাকীৰ পৰা ঘৰ ভাড়ালৈ লৈছিল আৰু তেনেকৈয়ে তেওঁলোকৰ মাজত কথা-বতৰা আৰম্ভ হৈছিল।  এবাৰ  ভুক্তিভোগী ব্যক্তিগৰাকীয়ে নিথ্যাৰ লগত নিজৰ ব্যক্তিগত ছবিকেইখন মান শ্বেয়াৰ কৰিছিল। পিছত নিথ্যাই সেই ছবিবোৰ দেখুৱাই তেওঁক ব্লেকমেইল কৰি ২৫ লাখ টকা দাবী কৰে। যদি তেওঁ ধন নিদিয়ে তেন্তে ছ’চিয়েল মিডিয়াত সেই ছবিসমূহ প্ৰচাৰ কৰিব বুলি ভাবুকি প্ৰদান কৰে অভিনেত্ৰী নিথ্যাই।

অভিযোগকাৰীয়েও দাবী কৰিছে যে অভিনেত্ৰীগৰাকীয়ে তেওঁক ঘৰলৈ মাতি আনি ভাবুকি দিছিল। ঘৰলৈ মাতি আনি নিথ্যাৰ লগত নগ্ন ফটো তুলিছিল আৰু তাইৰ বন্ধু বিনুৱে এই কামত নিথ্যাক সহায় কৰিছিল। ভয় খাই ব্যক্তিজনে এই ব্লেকমেইলিঙৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে ১১ লাখ টকা দিছিল। কিন্তু তেতিয়াও তেওঁ বাকী ধনখিনি দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল।

অৱশেষত আৰু সহ্য কৰিব নোৱাৰি ৭৫ বছৰীয়া ব্যক্তিজনে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধু বিনুৰ বিৰুদ্ধে পাৰাভো থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। 

ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে নিথ্যা ছাছি কেৱল এগৰাকী অভিনেত্ৰী নহয়। তেওঁ এগৰাকী অধিবক্তাও। মালয়ালম টেলিভিছনৰ উপৰিও ৱেব ছিৰিজৰ জগততো তেওঁ সুপৰিচিত।