NORTHEAST NOW (Assamese)
অসম

টীয়কত আন্ত:জিলা যাতায়াত বন্ধৰ বাবে মৃত্যু এজনৰ; ক্ষোভিত ৰাইজে জ্বলালে প্ৰশাসনৰ বাঁহৰ লাং

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 30, 2021 7:27 am
Teok people in anger

কভিড ৰুধিবলৈ চৰকাৰে ঘোষণা কৰা SOP অনুসৰি আন্ত: জিলা যাতায়াত বন্ধৰ ৰখাৰ বাবে যোৰহাট আৰু শিৱসাগৰৰ জিলাৰ সীমামূৰীয়া অঞ্চল চিন্তামণিগড়ৰ আৰু ১ নং চিন্তামণিগড়ৰ গাঁৱৰ মাজত বাঁহৰ লাং বান্ধি যোৰহাট জিলা প্রশাসনে বন্ধ কৰি ৰাখিছিল আন্ত:জিলা যাতায়ত।

ঘটনাৰ বিবৰণী মতে ১ নং  চিন্তামণিগড়ৰ মোলাৰাম গায়ন নামৰ ৪৮ বছৰীয়া এজন ব্যক্তি আজি কিছুদিনৰে পৰা এক ৰোগত আক্ৰান্ত হৈ আছিল ৷

ৰাইজৰ অভিযোগ অনুসৰি বৃহস্পতিবাৰে ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে চিকিৎসালয়লৈ বুলি পৰিয়ালৰ লোকে লৈ অহাৰ সময়তে সীমাত থকা বাঁহৰ লাং ডালৰ বাবে ৰোগীজনক পাৰ কৰি নিবলৈ প্ৰথম অৱস্থাত প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰে।

ফলত ৰোগীগৰাকীক চিকিৎসালয় নিয়াত বহু পলম হয় আৰু বাটতে ৰোগী মোলৰাম গায়নৰ মৃত্যু হয়।

ৰোগীজনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তপ্ত হৈ পৰে আৰু বাঁহৰ লাং জ্বলাই পেলোৱাৰ লগতে যোৰহাট জিলা প্ৰশাসন মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ।

অৱশ্যে পৰৱৰ্তী সময়ত ভগামুখ আৰু গৌৰিসাগৰ আৰক্ষীৰ যৌথ সহযোগত পৰিস্থিতি শান্ত হয়।