NORTHEAST NOW (Assamese)
Popular Stories

পানী গুলপীয়া কৰি আকৌ হাত দাঙিলে এইজন আৰক্ষী বিষয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2023 5:09 pm

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতে দেওবাৰে যোৰহাটত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে হাতে-লোটে ধৰা পেলাই এজন আৰক্ষী উপপৰিদৰ্শকক।

খবৰ অনুসৰি বিষয়াগৰাকী যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক প্ৰণৱ নাথ।

বিষয়াসকলে জনোৱা মতে, অপৰাধমূলক গোচৰত সকাহ দিয়াৰ বিনিময়ত অভিযোগকাৰীৰ পৰা ২০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতে-লোটে ধৰা পৰে।

দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে টুইটাৰত লিখিছে, “আজি যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক(UB) প্ৰণৱ নাথক ২০,০০০/- টকা ঘোচ লৈ অপৰাধীক সকাহ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।”