NORTHEAST NOW (Assamese)
Uncategorized

লাডাখ সীমান্ত ভ্ৰমণ কৰি ভাৰতৰ সেনা প্ৰধানৰ কপালত চিন্তাৰ বলিৰেখা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 2:49 pm
mm-naravane

চীন-ভাৰত সীমান্তত তীব্ৰ উত্তেজনা চলি থকাৰ সময়তে কালি দুদিনীয়া ভ্ৰমণ সূচীলৈ লাডাখলৈ যোৱা ভাৰতৰ সেনা প্ৰধান এম এম নাৰাভানেৰ মুখত দেখা গ’ল চিন্তাৰ চাপ।

সীমান্ত পৰিভ্ৰণণ কৰি নাৰাভানেই সাংবাদিকক কয় যে সীমান্তৰ পৰিস্থিতি মুঠেও ভাল নহয়।

চীনৰ সেনাৰ অৱস্থানৰ ইংগিত দি সেনা প্ৰধান গৰাকীয়ে কয় যে সীমান্তৰ সিপাৰৰ পৰা অহা যিকোনো ভাবুকি প্ৰতিহত কৰিব পৰাকৈ সেনাক সষ্টম হৈ থকাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

সীমান্তত  এতিয়া প্ৰায় ১ লাখ ভাৰতীয় সেনাই পহৰা দি আছে ।

সীমান্তৰে চীনে ভাৰতৰ ওপৰত জঁপিয়াই পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

লাডাখ সীমান্তত চীনে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ মজুত কৰা বুলিও  খবৰ পোৱা গৈছে।

ৰঙা চীনৰ সেনাই লাডাখত যুদ্ধ সদৃশ পৰিবেশ গঢ়ি তোলাৰ খবৰো এতিয়া আৰু গোপন হৈ থকা নাই।

এনে পৰিস্থিতিত চীনৰ আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ ভাৰতীয় সেনা কিমান সাজু তাৰেই খবৰ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ গৈছে ভাৰতীয় সেনাৰ মুৰব্বী এম এম নাৰাভানেই।

কালি  সেনা প্ৰধান গৰাকীয়ে লেহত গৈ উপস্থিত হৈছিল।

লেহত তেওঁ সেনাৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য ১৫ জুনৰ দিনা লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল ।

এনে সময়তে শেহতীয়াকৈ পুনৰ দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে বহুতকে উদ্বিগ্ন কৰি তুলিছে।

ভাৰতীয় সেনাৰ  মুখপাত্ৰ অমন আনন্দে প্ৰকাশ কৰিছিল যে  ২৯ আৰু ৩০ আগষ্টত চীনৰ সেনাই সীমান্ত ৰেখা উলংঘন কৰি লাডাখৰ পশ্চিম প্ৰান্তৰ পাংগং লেকৰ সমীপত ভূমি দখলৰ চেষ্টা চলায়।

চীনৰ সেনাৰ এনে কাৰ্যত ভাৰতীয় সেনাই বাধা দিয়াত দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।