NORTHEAST NOW (Assamese)
অসম

পাকিস্তানী সেনাৰ গুলীত নিহত ভাৰতীয় সেনাৰ জোৱান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 6:49 am
kash

কাশ্মীৰ সীমান্তত আকৌ শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান।

কাশ্মীৰৰ কুপৱাৰ নাওগাম ছেক্টৰত পাক সেনাই অপ্ৰৰোচিত ভাবে গুলীচালনা কৰাৰ ফলত এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটে।

ভাৰতীয় সেনাৰ মুখপাত্ৰ ৰাজেশ কালিয়াই প্ৰকাশ কৰা মতে পুৱাৰ ভাগত পাকিস্তানৰ সেনাই নাওগামত গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ পিছতে ভাৰতীয় সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিয়ে।

দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে। এই ঘটনাত তিনিজন ভাৰতীয় সেনাৰ জোৱান আহত হয়।

আহত জোৱান কেইজনক সেনাৰ বেছ হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও এজন জোৱানৰ  মৃত্যু ঘটে।

শ্বহীদ জোৱান জনৰ নাম ভূপিন্দৰ সিং বুলি তেওঁ প্ৰকাশ কৰে।

তেওঁ সেনাৰ ১৭ নং ৰেজিমেণ্টৰ জোৱান আছিল।

পাকিস্তানী সেনাই পুৱাৰ ভাগতে শ্বাহপুৰ,দেগৱাৰ আৰু কাৰ্ণি অঞ্চলত গুলীবৰ্ষণ কৰি থকাত সেই অঞ্চলত বাস কৰা লোকসকলে ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে।

উল্লেখ্য পাকিস্তানৰ সেনাই কাশ্মীৰৰ সীমান্তত ২০২০ চনৰ এতিয়ালৈকে ২,৭৩০ বাৰ যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতৰ ভূখণ্ডলৈ গুলীবৰ্ষণ কৰিছে।ফলত মৃত্যু ঘটিছে ৪৭ জন অসামৰিক লোকৰ।