NORTHEAST NOW (Assamese)
অসম

স্বায়ত্ব শাসন আৰু জনজাতিকৰণৰ দাবী : সৰ্বা-হিমন্ত-চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ চুতীয়া ছাত্ৰ সন্থাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 6, 2020 3:59 pm
index.jpgmm

অসমত বসবাস কৰা চুতীয়া জাতিক স্বায়ত্ব শাসন আৰু জনজাতি মৰ্যাদা নিদিয়াৰ প্ৰতিবাদত আজি বোকাখাতত চুতীয়া জাতি ছাত্ৰ সন্থাই প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷

ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন বৰা আৰু বোকাখাত মহকুমাৰ সম্পাদক লাচিত কাকতিৰ নেত়ৃত্বত প্ৰতিবাদকাৰীসকলে বোকাখাত নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে অৱস্থান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে৷

প্ৰতিবাদস্থলীত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

শেহতীয়াকৈ তিনিটা জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰি চুতীয়া জাতিক সৰ্বানন্দ সোনোৱাল চৰকাৰে প্ৰতাৰণা কৰা বুলি  প্ৰতিবাদস্থলীত মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে৷

তিনিটা জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰি অসম চৰকাৰে মূলতঃ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ঐক্যৱদ্ধ সংগ্ৰামখনক বিভাজন কৰিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে৷

ইফালে আজি বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ প্ৰক্ষাগৃহত অনুষ্ঠিত হোৱা চুতীয়া জাতি ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিবেশনত চিদানন্দ বৰাক সভাপতি আৰু মানস প্ৰতীম গগৈক সম্পাদক হিচাবে লৈ নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়৷