NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ সভাপতি হিচাবে মুকুল ৱাছনিকক বিচাৰিছে জি-২৩ৰ নেতাসকলে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 13, 2022 7:44 pm
কংগ্ৰেছৰ সভাপতি হিচাবে মুকুল ৱাছনিকক বিচাৰিছে জি-২৩ৰ নেতাসকলে

দেশৰ ৰাজ্যই ৰাজ্যই এতিয়া কংগ্ৰেছ প্ৰায় প্ৰভাৱহীন হৈ পৰিছে।

পাঁচ ৰাজ্যৰ নিৰ্বাচনত দলটোৱে বাৰুকৈয়ে মুখ থেকেচা খাবলগীয়া হৈছে। এনে সময়তে পূৰ্বতকৈও অধিক তীব্ৰতৰ হৈ পৰিছে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দাবীটো।

আজি নতুন দিল্লীত অনুষ্ঠিত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক । বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা, দলৰ সাংসদ আনন্দ শৰ্মা, কপিল চিবাল, মনীষ তিৱাৰী আৰু অখিলেশ প্ৰসাদ সিং উপস্থিত আছে।

কংগ্ৰেছৰ বিসম্বাদী জি-২৩ গোটৰ নেতাসকলে দলটোৰ সভাপতি হিচাবে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ নাম প্ৰস্তাৱ কৰিছে। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছৰ সভাপতি পদৰ বাবে জি-২৩ নেতাসকলে প্ৰবীণ কংগ্ৰেছ নেতা মুকুল ৱাছনিৰ নাম প্ৰস্তাৱ কৰিছে।

বিসম্বাদী কংগ্ৰেছ নেতাসকলৰ জি-২৩ গোটটোত আছে কপিল চিবাল, গুলাম নবী আজাদৰ দৰে জ্যেষ্ঠ নেতাসকল। আজাদ আৰু আনন্দ শৰ্মাই মুকুল ৱাচনিকক দলৰ সভাপতি পতাৰ পৰামৰ্শ আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

 ২০১৯ চনত সাধাৰণ নিৰ্বাচনত দলটোৱে  পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল৷