NORTHEAST NOW (Assamese)
অসম

ইউক্রেইনত প্রসিদ্ধ মাৰ্কিন সাংবাদিকক গুলীয়াই হত্যা কৰিলে ৰাছিয়াৰ সেনাই

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 13, 2022 8:26 pm

যুদ্ধ বিশ্বস্ত ইউক্ৰেইনত আজি ৰাছিয়াৰ সেনাৰ গুলীত নিহত সহ’ল এগৰাকী প্ৰসিদ্ধ মাৰ্কিন সাংবাদিক।

কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক ৫১ বছৰীয়া মাৰ্কিন সাংবাদিক ব্ৰেণ্ট ৰেনাউডেক কিয়েভত ৰাছিয়াৰ সৈন্যই গুলীয়াই হত্যা কৰে ।

ৰাছিয়াৰ সেনাৰ গুলীত আহত সাংবাদিকগৰাকীৰ সহকৰ্মীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সাংবাদিকগৰাকীয়ে শৰণাৰ্থীসকলৰ ছবি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে ইৰপিন তালাচী চকীত তেওঁলোকৰ গাড়ীখনলৈ লক্ষ্য কৰি ৰাছিয়াৰ সেনাই অপ্ৰৰোচিত ভাবে গুলীবৰ্ষণ কৰিবলৈ ধৰে।

ফলত থিতাতে নিহত হয় মাৰ্কিন সাংবাদিক ব্ৰেণ্ট ৰেনাউডে ।

তেওঁৰ সহকৰ্মী জুয়ান এই ঘটনাত গুৰুতৰ ভাবে আহত হৈছে।

ৰেনাউডৰ ডিঙিত গুলী লাগে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে।

হোৱাইট হাউচে এতিয়ালৈকে ৰেনাউডৰ মৃত্যু সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

নিহত সাংবাদিকগৰাকীৰ লগত নিউয়ৰ্ক টাইমছ কাকতৰ এখন পৰিচয় পত্ৰ পোৱা গৈছে।

তেওঁ এখন তথ্য চিত্ৰ নিৰ্মাণৰ বাবে ইউক্ৰেইনলৈ আহিছিল বুলি জানিব পৰা গৈছে।