NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত নিৰুদ্দেশ গোলাঘাটৰ দুই যুৱক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 6, 2020 10:00 pm

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতত আজি বিয়লি সংঘৰ্টিত এক দুৰ্ঘটনাত দুজন যুৱক সন্ধানহীন হয়।

দেওবাৰৰ দিনা গোলাঘাট নগৰ পৰা কাকচাঙৰ জলপ্ৰপাতলৈ ফুৰিবলৈ অহা ৬ যুৱকৰ দলৰ দুজন সম্প্ৰতি জলপ্ৰপাতৰ পানীত সন্ধানহীন হৈ আছে৷

গোলাঘাট নগৰৰ পৰা অহা এই ৬ জনীয়া দলটোৰ সন্ধানহীন হৈ থকা সদস্য দুজন হ’ল ষ্টেশ্যন পথৰ বিভাকৰ নাগ (২০) আৰু টুকানি পাৰ্কৰ সুদীপ বাকচী (২২)।

উল্লেখ্য যে কাৰ্বি পাহাৰত হোৱা বৰষুণৰ বাবে জলপ্ৰপাতটোত জলস্তৰ যথেষ্ট বৃদ্ধি পাইছিল৷ যাৰ বাবে আজি সন্ধিয়া সময়ত যুৱক দুজন পানীত ভাহি যোৱাৰ সন্দেহ প্ৰকাশ কৰে।

ঘনাস্থলীত কাৰ্বি আংলং জিলাৰ ডলামৰা আৰক্ষী থানাৰ দল গৈ উপস্থিত হয় যদিও নিশা হোৱাৰ বাবে সম্প্ৰতি ঘটনাস্থলীত অভিযান চলাব পৰা নাই আৰক্ষীয়ে৷

ইফালে সোমবাৰে নিচেই পুৱাতে এচ ডি আৰ এফৰ ডুবাৰুৰ সহায়ত কাকচাঙ জলপ্ৰপাতত নিৰুদিষ্ট যুৱকদ্বয়ৰ সন্ধানত বোকাখাত আৰক্ষী আৰু ডলামৰাৰ আৰক্ষীয়ে অভিযান চলাব বুলি জানিব পৰা গৈছে।