NORTHEAST NOW (Assamese)
অসম

অসমত ১৫৩৭ নতুন ক’ভিড পজিটিভ, আৰোগ্য ১৭৬৩

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 11:17 pm
Covid19: 1351 persons discharged in Assam on Sunday

১৫৩৭গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৭৬৩গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৫৮ শতাংশ।

অসমত যোৱা ২৪ ঘণ্টাত ২৩,৩৩৬টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰ ৩৮২, হোজাইৰ ১২৫ আৰু ডিব্ৰুগড়ৰ ১০৮গৰাকী ব্যক্তি।

নতুনকৈ আৰোগ্যসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ৯৬,৮২৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮,২৭৩ (।)

আনহাতে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মৃতকৰ সংখ্যা ৩৬০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ শংকৰ শৰ্মা (৫৮) আৰু মধুস্মিতা বৰুৱা (৪৩), লখিমপুৰৰ মইনা দাস (৪২), নগাঁৱৰ গিৰিবালা দেৱী (৭০), কামৰূপ মহানগৰৰ প্ৰশান্ত কুমাৰ বৰঠাকুৰ (৬২) আৰু প্ৰণৱ ভৌমিক (৬২), কোকৰাঝাৰৰ হিৰন্ময় দাস (৭৩) আৰু যোৰহাটৰ ধনেশ্বৰ বৰা (৯২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে মুঠ ১,২৫,৪৫৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।