NORTHEAST NOW (Assamese)
অসম

প্ৰচণ্ড শীত প্ৰবাহে জোকাৰি যাব উত্তৰ ভাৰতক, বতৰ বিজ্ঞান কেন্দ্ৰ আগজাননী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2020 12:56 pm
a cold

ডিচেম্বৰ মাহৰ শেষৰ পিনে দেশৰ বিবিন্ন প্ৰান্ত প্ৰচণ্ড শীত প্ৰবাহৰ সৃষ্টি হৈছে।

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত শীত প্ৰবাহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ২৯ ডিচেম্বৰৰ পৰা সমগ্ৰ উত্তৰ ভাৰততে শীত প্ৰবাহৰ মাত্ৰা বহু গুণে বৃদ্ধি পাব। দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ,বিহাৰ আদি ৰাজ্য সমূহত এতিয়াৰে পৰা শীতে অধিক সংহাৰ চলাব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰই প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলতো এই কেইদিনত শীতৰ পৰিমাণ বৃদ্ধি পাব।

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বতৰ আহি থকা কেইটামান দিনত শুকান হৈ থাকিব আৰু কুঁৱলীয়ে সংহাৰৰ সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে শীত প্ৰবাহ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে দেশৰ বিভিন্ন প্ৰান্তত ফ্লু জাতীয় ৰোগে মূৰ দাঙি উঠিছে। ক’ৰ’ণাতংকৰ সময়তে এনে ফ্লু জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱে  সকলোকে শংকিত কৰি তোলা পৰিলক্ষিত হৈছে।

ব্ৰিটেইনকে  ধৰি ইউৰোপৰ আঠ খন দেশত নতুন ধৰণৰ ক’ৰ’ণাই আতংকৰ সৃষ্টি কৰাৰ সময়তে ভাৰততো ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনৰ প্ৰৱেশ ঘটিব পাৰে বুলি আশংকা কৰা হৈছে।

শীত প্ৰবাহে এই আশংকা আৰু অধিক বঢ়াই তোলা পৰিলক্ষিত হৈছে।ভাৰতে অৱশ্যে ব্ৰিটেইনৰ পৰা ভাৰতলৈ সকলো বিমানৰ আগমণ ৩১ ডিচেম্বৰলৈ বন্ধ কৰি দিছে।