NORTHEAST NOW (Assamese)
অসম

এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী বিটিচি চীফ প্ৰমোদ বড়োৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান December 27, 2020 2:11 pm
Pramod Bodo-Amit Shah

বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শনিবাৰে তৃতীয়খন বড়ো শান্তি চুক্তিৰ অন্যতম মুখ্য স্বাক্ষৰকাৰী হিচাপে  এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী কৰে।

প্ৰমোদ বড়োৱে লগতে এনডিএফবিৰ সদস্যসকলকো মুকলি কৰি দিয়াৰ বাবে দাবী জনায়।

চলিত বছৰৰ ২৭ জানুৱাৰিত নতুন দিল্লীত বড়ো জাতীয় সংগঠনসমূহ আৰু কেন্দ্ৰৰ মাজত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল।

প্ৰমোদ বড়োৱে শনিবাৰে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন স্মাৰক পত্ৰ দাখিল কৰে।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে যে অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত তৃতীয় বড়ো শান্তি চুক্তিয়ে আশাৰ ৰেঙণি দেখুৱাইছে আৰু বড়োভূমিত বিকাশৰ বাবে দিক নিৰ্ণয় কৰি এক স্থায়ী শান্তি-সম্প্ৰীতিৰ যুগৰ সূচনা কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে শান্তি চুক্তিয়ে এক পৰিৱেশৰ সৃষ্টি কৰিছে য’ত উগ্ৰবাদী সকলো নেতাই মুলসুঁতিত যোগদান কৰিব পাৰে।

বড়োৱে কয় যে চুক্তিখনৰ ব্যৱস্থা অনুসৰিয়েই ৰঞ্জন দৈমাৰী আৰু তেওঁৰ সতীৰ্থসকলৰ মুক্তি এক প্ৰাসংগিক বিষয়।

বিপিএফ, বিএছইউকে ধৰি কেইবাটাও বড়ো সংগঠনেও দৈমাৰীৰ নি:শ্চৰ্ত মুক্তি দাবী কৰিছে।

বিএছইউৰ সভাপতি সৌগমছাৰ বসুমতাৰীয়ে কৈছিল,’’ চুক্তিখনৰ অন্যতম মুখ্য স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক জনসাধাৰণৰ বাবে কাম কৰিবলৈ আৰু চুক্তিখনৰ দফাসমূহ ৰূপায়ন নিৰীক্ষণ কৰিবলৈ জামিন দিবই লাগিব।‘’

২০০৮চনত অসমত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ বাবে এখন বিশেষ আদালতে দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

তেওঁক কেন্দ্ৰৰ সৈতে নতুন দিল্লীত বড়ো শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ এসপ্তাহৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন দিয়া হৈছিল। পাছত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।