NORTHEAST NOW (Assamese)
অসম

ইষ্টানবুলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাগিয়া ছফিয়া ইছলামী নামাজৰ বাবে মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 10:11 pm
Istanbul's Unesco World Heritage site Hagia Sophia opens for Muslim worship

ইষ্টানবুলৰ ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাগিয়া ছফিয়াত শুকুৰবাৰে ইছলামধৰ্মীসকলৰ নামাজ অনুষ্ঠিত হয়।

১৫০০ বছৰ পুৰণি এই স্থানটো ১৯৩৪ চনৰে পৰা সংগ্ৰহালয় আছিল।

কৰ’নাভাইৰাছৰ কাৰণে এবাৰত কেৱল ১০০০ লোককহে ইয়াৰ ভিতৰত সোমোৱাৰ অনুমতি দিয়া হৈছিল।

নামাজত ভাগ লোৱাসকলৰ ভিতৰত তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ টায়িপ আৰ্ড’গানো আছিল।

শেহতীয়াকৈ তুৰ্কীৰ আদালতে ইয়াক মছজিদৰূপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল।

ৰাষ্ট্ৰপতিৰ সমৰ্থকসকলে ইয়াক ধৰ্মীয় গৌৰৱৰূপে উদযাপন কৰিলেও বিৰোধীসকলে ইয়াক সমালোচনা কৰিছে।

সমালোচকসকলৰ মতে ৰাষ্ট্ৰপতি আৰ্ড’গানে আধুনিক তুৰ্কিৰ নিৰ্মাতা কেমাল আতাতুৰ্কৰ ধৰ্মনিৰপেক্ষ পৰম্পৰা সলাব খুজিছে।

১৫০০ বছৰৰ পূৰ্বে এটা নিৰ্মাণ কৰা হাগিয়া ছফিয়া ১৫ শতিকাত অট’মানসকলৰ শাসন পৰ্য্যন্ত এটা অৰ্থডক্স খ্ৰীষ্টান কেথেড্ৰেল আছিল।

অট’মানসকলে হাগিয়া ছফিয়াক মছজিদলৈ ৰূপান্তৰিত কৰিছিল।

১৯৩৪ চনত ইয়াক পুনৰ সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছিল।