NORTHEAST NOW (Assamese)
দেশ

২৪ নৱেম্বৰলৈ বাহাল থাকিব ঘৰুৱা বিমানৰ ক্ষেত্ৰত আৰোপিত বাধ্য-বাধকতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 9:18 pm
domestic flight

ক’ৰ’ণাতংকৰ বাবে বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হোৱা দেশৰ বিমান পৰিবহন ব্যৱস্থাত অসামৰিক বিমান পৰিবহন দপ্তৰে কেতবোৰ বিশেষ বাধ্য-বাধকতা আৰোপ কৰিছিল।

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ ৰোধ কৰাৰ বাবে ২৫ মাৰ্চত দেশ জুৰি ঘোষণা কৰা লকডাউনৰ সময়ৰে পৰাই সম্পূৰ্ণ দুমাহ ধৰি বন্ধ হৈ আছিল দেশৰ ঘৰুৱা বিমান সেৱা।

শেহতীয়াকৈ ২৫ মে’ৰ দিনা কেতবোৰ বিশেষ বাধা-নিষেধৰ মাজেৰে সীমিত পৰিসৰত ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হৈছিল।

বিশেষকৈ নতুনকৈ আৰম্ভ কৰা ঘৰুৱা বিমান সেৱাত চৰকাৰে ভাড়াৰ ক্ষেত্ৰত কেতবোৰ সীমা নিৰ্দ্ধাৰণ কৰি দিছিল।

সেই মৰ্মে যোৱা ২১ মে’ত অসামৰিক বিমান পৰিবহণ দপ্তৰে ঘৰুৱা বিমানৰ ভাড়াৰ নিৰিখ  এনেদৰে নিৰ্দ্ধাৰণ কৰিছিল— ৪০ মিনিটৰ উৰণৰ বাবে সৰ্বনিম্ন আৰু সৰ্বোচ্চ ভাড়াৰ নিৰিখ ক্ৰমে ২০০০-৬০০০ টকা, ৪০-৬০ মিনিটৰ যাত্ৰাৰ বাবে ২,৫০০-২,৭৫০ টকা

৬০-৯০মিনিটৰ যাত্ৰাৰ বাবে ৩,০০০-৯০০০ টকা,

৯০-১২০মিনিটৰ যাত্ৰাৰ বাবে ৩,৫০০-১০,০০০ টকা,

১৫০-১৮০ মিনিটৰ যাত্ৰাৰ বাবে ৫,৫০০-১৫,৭০০ টকা ধাৰ্য্য কৰা হৈছিল।

অসামৰিক বিমান পৰিবহন দপ্তৰে সেই ভাড়াৰ নিৰিখ  ২৪ নৱেম্বৰ,২০২০ লৈ বাহাল ৰখাৰ কথা আজি ঘোষণা কৰে।

অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি এই ঘোষণা কৰে।

লগতে দেশত ঘৰুৱা বিমানৰ চলাচল বৰ্তমানৰ ৩৩ শতাংশৰ পৰা ৪৫ শতাংশলৈ বৃদ্ধি কৰাৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা বুলি অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে।