NORTHEAST NOW (Assamese)
অসম

অসমত ১১৩০ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৯৮ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 11:14 pm
COVID19: 2310 persons discharged in Assam on Friday

১১৩০গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে ৪১৭গৰাকী গুৱাহাটীৰ আৰু ১০৪গৰাকী কাছাৰ জিলাৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত সদৰী কৰা মতে যোৱা ২৪ ঘণ্টাত ১৬,১৭৮টা নমুনাৰ পৰীক্ষাত এইসকলক ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

শুকুৰবাৰৰ দিনটোত ক’ভিড পজিটিভৰ হাৰ ৬.৯৮ শতাংশ।

এইসকল ক’ভিড পজিটিভ ব্যক্তিক ধৰি অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ৯১৪৩লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে ২০,৬৯৯গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

ইফালে দিনটোত ছগৰাকী ক’ভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে।

অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ২৯,৯২১গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

আনহাতে অসমত শুকুৰবাৰপৰ্য্যন্ত ৭,৩৯,৪৬৫টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।