NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ পুনৰ সংক্ৰমণ; কৰ্ণাটকত ডিচেম্বৰ মাহতো বন্ধ থাকিব বিদ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 5:02 pm
ক’ৰ’নাৰ পুনৰ সংক্ৰমণ; কৰ্ণাটকত ডিচেম্বৰ মাহতো বন্ধ থাকিব বিদ্যালয়

কৰ্ণাটক চৰকাৰে ডিচেম্বৰ মাহতো ৰাজ্যখনৰ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক শাখাসমূহ মুকলি নকৰে বুলি সোমবাৰে ঘোষণা কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত গঠিত কোভিড পৰ্য্যালোচনাৰ উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ অনুসৰিয়ে কৰ্ণাটক চৰকাৰে ২০২০ বৰ্ষত বিদ্যালয় সমূহ নোখোলাৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে।

‘‘শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ সন্দৰ্ভত আমি ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত পুনৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব আৰু উক্ত বৈঠকতে বিষয়সমূহ পুনৰ পৰ্য্যালোচনা কৰা হ’ব,’’ কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী এছ সুৰেশ কুমাৰে এইদৰে কয়।

উল্লেখযোগ্য যে, দিল্লী, গুজৰাটকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ক’ৰ’না ভাইৰাছৰ পুনৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

সমগ্ৰ ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ৯১ লাখ অতিক্ৰম কৰিছে।

অসমত সপ্তমৰ পৰা দ্বাদশ শ্ৰেণী আৰু মহাবিদ্যালয় সমূহ কোভিড প্ৰট’কল মানি আংশিকভাৱে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।