NORTHEAST NOW (Assamese)
অসম

সংগীত শিল্পী মানস ৰবীন আৰু তেওঁৰ পত্নী কোভিড-১৯ পজিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 8, 2020 1:43 pm
WhatsApp Image 2020-09-08 at 1.40.16 PM

সংগীত পৰিচালক তথা কণ্ঠশিল্পী মানস ৰবীন কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে।

মঙলবাৰে কৰোৱা এন্টিজেন টেষ্টত পজিটিভ আহে কণ্ঠশিল্পী গৰাকীৰ।

তেওঁৰ লগতে তেওঁৰ পত্নী সুমিতা বৰুৱাৰো কোভিড পজিটিভ অহা বুলি জানিব পৰা গৈছে।

এক ফেচবুক পোষ্টযোগে কণ্ঠশিল্পীগৰাকীয়ে নিজে এই কথা জনাইছে।

“মোৰ Covid-19 ৰ টেষ্ট পচিটিভ পোৱা গৈছে। লগতে মোৰ শ্ৰীমতীৰো। এইকেইটা দিনত আমাৰ সংস্পৰ্শলৈ অহা প্ৰতিজনকে টেষ্ট কৰি ল’বলৈ আৰু সাৱধানে থাকিবলৈ অনুৰোধ জনালোঁ ।” নিজৰ অফিচিয়েল পেইজৰ পৰা এই অনুৰোধ জনাইছে কণ্ঠশিল্পী গৰাকীয়ে।

WhatsApp Image 2020-09-08 at 1.11.10 PM

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ১২৮২৪৪ গৰাকী ৷

ৰাজ্যত সম্প্ৰতি ৩১০৪৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

ইয়াৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৯৬৮২৩ গৰাকী আৰু কোভিডত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হৈছে ৩৭০ গৰাকী।