NORTHEAST NOW (Assamese)
অসম

‘ৰাম মন্দিৰ ভাঙিবলৈ আহিছে বাবৰ বাহিনী’: উদ্ধৱ থাকৰেক উভতি ধৰিলে কংগনা ৰাণাৱতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2020 6:05 pm
kanganaranaut-15

গণতন্ত্ৰ ক’ত? গণতন্ত্ৰৰ মৃত্যু ঘটিছে।

বাবৰ বাহিনীয়ে এতিয়া ৰাম মন্দিৰ ভাঙিবলৈ আহিছে। শিৱসেনাৰ ভাবুকিকো উপেক্ষা কৰি আজি মুম্বাইত উপস্থিত হোৱা কংগনা ৰাণাৱটে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক উভতি ধৰি এনেদৰেই মন্তব্য কৰে।

আজি মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই কংগনা সন্মুখীন হয় শিৱ সেনাৰ সমৰ্থকৰ প্ৰতিবাদৰ ।

মহাৰাষ্ট্ৰ চৰকাৰে শেহতীয়াকৈ শিৱসেনাৰ সৈতে সংঘাতত লিপ্ত হোৱা কংগনাৰ মণিকৰ্নিকা ষ্টুডিঅ’ ভাঙি পেলোৱাৰ বাবে আজি পুৱাৰে পৰা বুলডজাৰেৰে অভিযান আৰম্ভ কৰে যদিও বোম্বে উচ্চ ন্যায়ালয়ে কংগনা ৰাণাৱটৰ ষ্টুডিঅ’টো ভঙাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰাৰ পিছতে থমকি ৰ’ৱলগীয়া হয় মহাৰাষ্ট্ৰৰ চৰকাৰ।

মহাৰাষ্ট্ৰ চৰকাৰৰ পদক্ষেপক সমালোচনা কৰি  কংগনাই কৈছে যে বাবৰে ৰাম মন্দিৰ ভঙাৰ দৰেই মহাৰাষ্ট্ৰৰ চৰকাৰেও তেওঁৰ মন্দিৰ সদৃশ মণিকৰ্নিকা ষ্টুডিঅ’ ভাঙিবলৈ আহিছিল।

https://twitter.com/KanganaTeam/status/1303634456658366464?ref_src=twsrc%5Egoogle%7Ctwcamp%5Eserp%7Ctwgr%5Etweet

উল্লেখ্য মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাৰ পিছতে কংগনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসেনা।

শিৱসেনাই আনকি অভিনেত্ৰী গৰাকীক মুম্বাইত প্ৰৱেশৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল।

কেৱল সেয়াই নহয়,কংগনাৰ বান্দ্ৰাত থকা ঘৰ আৰু ষ্টুডিঅ’ অবৈধ ভাবে নিৰ্মাণ কৰা বুলি সেয়া ভাঙি পেলাবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

লকডাউনৰ পৰাই মানালীত থকা পৰিয়ালৰ সৈতে দিন কটোৱা কংগনা এইবাৰ মুম্বাইলৈ আহিছে তেওঁৰ সপোনৰ ষ্টুডিঅ’টো ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ।