NORTHEAST NOW (Assamese)
জীৱনশৈলী

ডায়েবেটিছত ভুগি থকা সকলে কি কি ফল-মূল খাব পাৰিব? জানো আহক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2025 7:15 am

বহু ডায়েবেটিছ ৰোগীয়ে ভাবে যে এবিধ সুস্বাদু ফল খালে তেওঁলোকৰ শৰীৰত ‘চেনিৰ মাত্ৰা বৃদ্ধি পাব। এই ধাৰণা সকলো ক্ষেত্ৰতে শুদ্ধ নহয়। বৰঞ্চ কিছুমান বিশেষ ফল খোৱাটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। কিন্তু কোনটো ফল খাব লাগে, কিমান খাব লাগে, কেতিয়া খাব লাগে সেই বিষয়ে সচেতন হোৱাটো জৰুৰী।

ফল-মূল খোৱাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। প্ৰথম বিষয়টো হল ফলৰ পৰিমাণ। ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ১০০-১৫০ গ্ৰামতকৈ বেছি ফল খাব নালাগে। ফলৰ গ্লাইচেমিক সূচকাংক চাই কোনটো ফল খাব সেইটো নিৰ্ণয় কৰিব লাগে।

ৰোগীয়ে কম গ্লাইচেমিক ইনডেক্স থকা ফল-মূল খোৱাটো ভাল। ফলৰ ৰসৰ সলনি গোটা ফল খোৱাতো বেছি ভাল। কাৰণ ৰস খালে ফলৰ ভিতৰৰ আঁহবোৰ থাকি যায়। আঁহ হৈছে এনে এক উপাদান যিয়ে পাচন প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফলত শৰীৰত চেনিৰ পৰিমাণ হঠাতে বাঢ়ি নাযায়।

ডায়েবেটিছ ৰোগীয়ে গৰমৰ দিনত কিছু পৰিমাণে ফলমূল খাব পাৰে। ইয়াত কিছুমান ফলৰ তালিকা আৰু ইয়াৰ গ্লাইচেমিক সূচকাংক দিয়া হৈছে:

১) জামু – জামুত গ্লাইচেমিক ইনডেক্স ২৫, যিটো যথেষ্ট কম। গতিকে ডায়েবেটিছ ৰোগীৰ বাবে জামু অতি উপকাৰী। ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি জামুত ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে।

২) মধুৰিয়াম –  ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে মধুৰিয়াম খাব পাৰে। ইয়াৰ গ্লাইচেমিক সূচকাংক ১২, যিটো অতি কম। মধুৰিয়ামত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ভিটামিন চিৰ ভাল উৎস।

৩) আপেল – আপেলৰ গ্লাইচেমিক ইনডেক্স ৩৬। অন্য ফলতকৈ যথেষ্ট কম। আপেলত আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

কোনবোৰ ফল ডায়বেটিছ ৰোগীসকলে খাব নালাগে –

আম, কল, আনাৰস, তৰমুজ, কঁঠালৰ দৰে ফলমূলত চেনিৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও ইহঁতৰ গ্লাইচেমিক ইনডেক্স উচ্চ। গতিকে ডায়েবেটিছ ৰোগীয়ে এই সকলোবোৰ ফল পৰিহাৰ কৰিব লাগে।